অ’এনজিচিৰ অসমবিৰোধী স্থিতিৰ বিৰুদ্ধে শিৱসাগৰত আটাছুৰ অৱস্থান ধৰ্মঘট : অ’এনজিচিৰ অসম সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ চক্ৰান্তৰ অভিযোগ : প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
“অসমৰ সম্পদেৰে লাভ, কিন্তু অসমীয়াৰ প্ৰতি বঞ্চনা” : বসন্ত গগৈ

শিৱসাগৰ, ১৯ জুন : অসমৰ তৈল-সম্পদ, থলুৱা অধিকাৰ আৰু নিযুক্তি নীতিৰ প্ৰশ্নত পুনৰ সৰব হৈ পৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)। অ’এনজিচিৰ কথিত অসমবিৰোধী নীতি, থলুৱা বিৰোধী স্থিতি আৰু অসম সম্পদক ক্ৰমাগতভাৱে দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰি আজি শিৱসাগৰ নগৰত সংগঠনটোৱে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদস্থলীত অ’এনজিচিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি সংগঠনটোৱে থলুৱা লোকৰ অধিকাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰে।

“অসমৰ সম্পদেৰে লাভ, কিন্তু অসমীয়াৰ প্ৰতি বঞ্চনা” : বসন্ত গগৈ
প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অসমৰ বুকুৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰি অ’এনজিচিয়ে হাজাৰ হাজাৰ কোটি টকাৰ লাভ অৰ্জন কৰিছে যদিও অসমৰ শিক্ষিত যুৱ সমাজৰ প্ৰতি প্ৰতিষ্ঠানটোৱে কোনো দায়বদ্ধতা প্ৰদৰ্শন কৰা নাই।
তেওঁৰ অভিযোগ, অ’এনজিচিত নিযুক্তি লাভৰ উদ্দেশ্যে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে দীৰ্ঘদিন ধৰি নিজকে উপযুক্ত কৰি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰি আহিছে, কিন্তু সংস্থাটোৱে নতুন নিযুক্তি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণৰূপে বন্ধ কৰি থলুৱা শিক্ষিত নিবনুৱাসকলক বঞ্চিত কৰি আহিছে।
বসন্ত গগৈয়ে কয় যে, বিগত প্ৰায় দুটা দশক ধৰি অ’এনজিচিয়ে নিযুক্তিৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠিকা-চুক্তি ব্যৱস্থালৈকে থলুৱা লোকসকলক ধাৰাবাহিকভাৱে উপেক্ষা কৰি আহিছে।

গুৰুত্বপূৰ্ণ কাৰ্যালয় দেৰাডুনলৈ স্থানান্তৰৰ অভিযোগ
আটাছুৰ অভিযোগ অনুসৰি, অ’এনজিচিয়ে অসম সম্পদৰ একাধিক গুৰুত্বপূৰ্ণ কাৰ্যালয় কৌশলগতভাৱে দেৰাডুনলৈ স্থানান্তৰ কৰি আহিছে। একে সময়তে অসমত নতুন নিযুক্তি বন্ধ কৰি ৰখাৰ বিপৰীতে বহিঃৰাজ্যত গোপনে নিযুক্তি প্ৰদান কৰি পৰৱৰ্তী সময়ত সেই কৰ্মচাৰীসকলক অসম সম্পদলৈ বদলি কৰি অনা হৈছে।
এই প্ৰক্ৰিয়াৰ ফলত অসমৰ মেধাসম্পন্ন শিক্ষিত যুৱক-যুৱতীসকল অ’এনজিচিত কৰ্মসংস্থাপনৰ সুযোগৰ পৰা বঞ্চিত হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

“অ’এনজিচিক ব্যক্তিগতকৰণৰ বাবে সচেতনভাৱে দুৰ্বল কৰা হৈছে”
বসন্ত গগৈয়ে কয় যে, এসময়ত অসম সম্পদত অ’এনজিচিৰ প্ৰায় ১০ হাজাৰ কৰ্মচাৰী আছিল। বৰ্তমান সেই সংখ্যা হ্ৰাস পাই প্ৰায় ১,৮০০ জনত সীমাবদ্ধ হৈ পৰিছে।
তেওঁৰ মতে, অ’এনজিচিয়ে লাভজনক নহয় বুলি দাবী কৰি অসমৰ একাধিক তৈলক্ষেত্ৰ ব্যক্তিগত বহুজাতিক কোম্পানীৰ হাতত গতাই দিছে। অথচ সেই তৈলক্ষেত্ৰসমূহত ব্যক্তিগত কোম্পানীয়ে লাভজনকভাৱে উৎপাদন অব্যাহত ৰাখিছে।
ইয়াৰ দ্বাৰা স্পষ্ট হয় যে অসম সম্পদক ধ্বংস কৰি অ’এনজিচিক ধাপে ধাপে ব্যক্তিগত খণ্ডৰ হাতত সমৰ্পণ কৰাৰ এক সুপৰিকল্পিত চক্ৰান্ত চলি আছে বুলি তেওঁ অভিযোগ কৰে।

চিকিৎসা সেৱাতো অৱনতিৰ অভিযোগ
আটাছুৰ অভিযোগ, অসম সম্পদৰ অধীনস্থ অ’এনজিচি চিকিৎসালয়সমূহতো থলুৱা অভিজ্ঞ চিকিৎসকসকলক অন্য ৰাজ্যলৈ বদলি কৰি দিয়া হৈছে।
তেওঁলোকৰ খালী স্থানত বহিঃৰাজ্যৰ নতুন আৰু তুলনামূলকভাৱে অনভিজ্ঞ চিকিৎসকক নিযুক্তি দিয়াৰ ফলত চিকিৎসা সেৱাৰ মানদণ্ড নিম্নগামী হৈছে। ইয়াৰ ফলত অ’এনজিচিৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজ ক্ষতিগ্ৰস্ত হৈছে বুলিও সংগঠনটোৱে দাবী কৰে।

প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী
কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিষয়টোত হস্তক্ষেপ কৰি অ’এনজিচিৰ কথিত অসমবিৰোধী নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
তেওঁ স্পষ্টভাৱে সকীয়াই দিয়ে যে, দাবীসমূহ পূৰণ নকৰিলে অ’এনজিচিৰ বিৰুদ্ধে ৰাজ্যজুৰি অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলা হ’ব।

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
আজিৰ প্ৰতিবাদ কাৰ্যসূচীৰ অন্তত আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন ১০ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
এই স্মাৰক পত্ৰত কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোম, যুটীয়া সম্পাদক পাৰ্থ গগৈ, দেৱজিৎ চাংমাই, মহিলা মঞ্চৰ সভানেত্ৰী বিকিৰাণী মহন, কাৰ্যকৰী সভানেত্ৰী পৰী গগৈ, যুটীয়া সম্পাদিকা অংকিতা গগৈ আৰু বৰষা চাংমাইয়ে স্বাক্ষৰ কৰে।

অসমত অ’এনজিচিৰ ইতিহাসৰ উল্লেখ
স্মাৰক পত্ৰত উল্লেখ কৰা হয় যে, ১৯৫৮ চনত নাজিৰাত অ’এনজিচিয়ে “অসম বেছ” স্থাপন কৰিছিল। ১৯৫৯ চনৰ ৯ জুনত দিচাংমুখত প্ৰথমবাৰৰ বাবে তেল অনুসন্ধানমূলক খনন আৰম্ভ কৰা হয়।
পৰৱৰ্তী সময়ত ১৯৬০ চনৰ ৭ ডিচেম্বৰত ৰাছিয়াত নিৰ্মিত “URALMASH” ৰিগ ব্যৱহাৰ কৰি ঐতিহাসিক ৰুদ্ৰসাগৰত সফলভাৱে তেলৰ সন্ধান লাভ কৰা হয়। ১৯৬৬ চনৰ ১২ মাৰ্চৰ পৰা ৰুদ্ৰসাগৰত বাণিজ্যিকভাৱে তেল উৎপাদন আৰম্ভ হয়। পিছত লাকুৱা আৰু গেলেকী তৈলক্ষেত্ৰই অসমৰ অৰ্থনীতি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আটাছুৰ মূল দাবীসমূহ
স্মাৰক পত্ৰত আটাছুৱে কেবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে –
১) কার্যালয় স্থানাত্মৰ বন্ধ কৰক : অ.এন.জি. চিৰ অসম সম্পদৰ কেন্দ্ৰীয় কার্যালয়, কোনো বিভাগীয় কাৰ্যালয় বা গৱেষণাগাৰ কোনো কাৰণতে শিৱসাগৰ পৰা অন্য জিলা বা বহিঃ ৰাজ্যলৈ স্থানান্তৰ কৰিব নোৱাৰিব। কর্তৃপক্ষই এই চক্রান্তমূলক ব্যৱস্থা শীঘ্ৰে বন্ধ কৰক
২) ১০০% থলুৱা নিক্তি নিশ্চিত কৰক : সুদীর্ঘ দিন ধৰি বন্ধ হৈ থকা নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভকৰক। খালী হৈ থকা পদসমূহ স্থানীয় শিক্ষিত নিবনুৱাৰ বাবে এশ শতাংশ সংৰক্ষিত কৰি নিযুক্তিৰ ব্যৱস্থা কৰক।
৩) ব্যক্তিগতকৰণৰ চক্রান্ত নচলিব : ৰাজহুৱা খণ্ডৰ এই বৃহত্তম উদ্যোগটোক ধ্বংসৰ মুখলৈ ঠেলি দি ব্যক্তিগত খণ্ডক গঠাই দিয়াৰ পৰিকল্পিত ষড়যন্ত্র অনতিবিলম্বে বন্ধ কৰক।
৪) বিশুদ্ধ খোৱাপানী : তৈল খাদ আৰু উদ্যোগিত আৱৰ্জনাৰ বাবে প্ৰদূষিত হোৱা অঞ্চলসমূহত খোৱাপানীৰ ফিল্টাৰ প্লান্ট স্থাপন কৰি প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰিব লাগিব।
৫) পৰিৱেশ সম্ভলন : অঞ্চলটোত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত বৃক্ষৰোপণ আৰু পৰিৱেশ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব।
সাংস্কৃতিক আৰু ক্রীয়া ক্ষেত্রত বিকাশ
৬) পৰম্পৰাগত কলা-সংস্কৃতিৰ সংৰক্ষণ : স্থানীয় ঐতিহাসিক ঐতিহ্য, থলুৱা কৃষ্টি-সংস্কৃতি (যেনে-বয়ন শিল্প, কুটিৰ শিল্প) আদিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে বিত্তীয় সাহাৰ্য্য প্ৰদান কৰিব লাগিব।
৭) ক্রীড়া আন্তঃগাঁথনি : স্থানীয় যুৱ প্ৰতিভাক উৎসাহিত কৰিবলৈ খেলপথাৰ নিৰ্মাণ আৰু ক্রীয়া সামগ্রী যোগান ধৰিব লাগিব।
৮) ঠিকা আৱন্টনৰ নিয়ন্ত্ৰণ নাজিৰাতে ৰাখক : ঠিকাৰ কাম-কাজ কেন্দ্রীয়ভাৱে বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ কৰা বন্ধ কৰক। স্থানীয় লোকক বঞ্চিত নকৰি, পূৰ্বৰ দৰে নাজিৰাস্থিত ‘অসম সম্পদ’ৰ কাৰ্যালয়ৰ পৰাই ঠিকা আৱণ্টনৰ ব্যৱস্থা কৰক।
৯) অ.এন.জি.চি. চিকিৎসালয়ৰ পৰিকাঠামো উন্নত কৰক : চিকিৎসালয়খনৰ পৰা অভিজ্ঞ চিকিৎসক সকলক বদলি কৰি চিকিৎসা ব্যৱস্থাটো নিশকটীয়া কৰা কাৰ্য বন্ধ কৰক। ব্যক্তিগত হাস্পতালৰ সৈতে থকা অশুভবুজাবুজি দূৰ কৰি অনতিবিলম্বে অভিজ্ঞ চিকিৎসক নিযুক্তি দিয়ক।
১০) চ্যুকাফা হাস্পতালত লুণ্ঠন বন্ধ কৰক : আটাছুকে ধৰি বিভিন্ন সংগঠন আৰু ৰাইজৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফচল ‘চ্যুকাফা মাল্টি স্পেছেয়েলিটী হস্পিতাল’ত প্ৰস্তাৱিত ৩০০ খন বিচনাৰ ব্যৱস্থা কৰক। চিকিৎসালয়খনত চলি থকা লুণ্ঠন আৰু অত্যাধিক চিকিৎসা ব্যয় হ্রাস কৰি শিৱসাগৰবাসীক সুলভ আৰু উন্নত চিকিৎসা প্রদান কৰক।

দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
স্মাৰক পত্ৰৰ জৰিয়তে আটাছুৱে স্পষ্ট কৰি দিয়ে যে, সংগঠনটোৰ উত্থাপিত দাবীসমূহ পূৰণ নোহোৱালৈকে ৰাইজৰ সহযোগত অ’এনজিচিৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন অব্যাহত ৰখা হ’ব।




