Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMGOVERNMENTHEALTH SERVICEShttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifLocal NewsSIVASAGARTOP NEWSटॉप न्यूज़राज्यलोकल न्यूज़शिवसागर

শিৱসাগৰত AI-ভিত্তিক যক্ষ্মা চিনাক্তকৰণ অভিযানত উল্লেখযোগ্য সফলতা : CAT TB এপ্লিকেচনৰ জৰিয়তে ৫ দিনত ৮ হাজাৰৰো অধিক লোকৰ স্ক্ৰিনিং, ৩ জন যক্ষ্মা ৰোগী চিনাক্ত

শিৱসাগৰ, ১৯ জুন : শিৱসাগৰ জিলা যক্ষ্মা নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা (AI) নিৰ্ভৰ Cough Against TB (CAT TB) এপ্লিকেচনৰ জৰিয়তে চলি থকা যক্ষ্মা ৰোগৰ বিশেষ স্ক্ৰিনিং কাৰ্যসূচীয়ে জিলাখনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ১৫ জুনৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ অধীনত জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত ব্যাপকভাৱে স্ক্ৰিনিং চলাই অহা হৈছে।

জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ দ্বিজেন কোচে জানিবলৈ দিয়া মতে, শিৱসাগৰ জিলাৰ প্ৰায় সকলো স্বাস্থ্য কেন্দ্ৰতে এই AI-ভিত্তিক স্ক্ৰিনিং ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। বিগত পাঁচ দিনত এই কাৰ্যসূচীৰ অধীনত ৮ হাজাৰৰো অধিক লোকৰ স্ক্ৰিনিং সম্পন্ন কৰা হৈছে, যি যক্ষ্মা নিৰ্মূলকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

স্ক্ৰিনিংৰ সময়ত যিসকল ব্যক্তিৰ ক্ষেত্ৰত যক্ষ্মা ৰোগৰ সম্ভাৱনা বা সন্দেহ ধৰা পৰিছে, তেওঁলোকৰ খেকাৰৰ নমুনা সংগ্ৰহ কৰি NAT (Nucleic Acid Amplification Test) পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে NAT পৰীক্ষাৰ জৰিয়তে ৩ জন যক্ষ্মা ৰোগী চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি বিভাগীয় সূত্ৰে জানিবলৈ দিয়ে।

ডাঃ কোচে এই সফল কাৰ্যসূচীৰ সৈতে জড়িত সকলো স্বাস্থ্য কৰ্মী, আশা কৰ্মী আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি কয় যে, আগন্তুক দিনত CAT TB এপ্লিকেচনৰ জৰিয়তে জিলাখনৰ সকলো Vulnerable Population ৰ সম্পূৰ্ণ স্ক্ৰিনিং সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

তেওঁ লগতে শিৱসাগৰ জিলাৰ জনসাধাৰণক ওচৰৰ স্বাস্থ্য কেন্দ্ৰসমূহত উপলব্ধ এই সুবিধা গ্ৰহণ কৰি সময়মতে স্বাস্থ্য পৰীক্ষা কৰাই নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ আহ্বান জনায়। AI-ভিত্তিক এই আধুনিক স্ক্ৰিনিং ব্যৱস্থাই যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!