অ’এনজিচিৰ থলুৱা-বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰত ক্ষোভৰ বিস্ফোৰণ : তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ, নিযুক্তি বন্ধ আৰু কাৰ্যালয় স্থানান্তৰৰ অভিযোগত আটাছুৰ ৰাজহুৱা সভা
১৯ জুনত অৱস্থান ধৰ্মঘট, জুলাইত জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাওৰ ঘোষণা

শিৱসাগৰ, ৭ জুন : তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড (অ’এনজিচি)-এ অসমৰ স্বাৰ্থবিৰোধী নীতি গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰত সৰৱ হৈ পৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)। নতুন নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰখা, অসম সম্পদৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়সমূহ ক্ৰমাগতভাৱে দেৰাডুনলৈ স্থানান্তৰ কৰা, লোকচানৰ অজুহাতত তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়া আৰু থলুৱা যুৱক-যুৱতীক নিয়োগৰ ক্ষেত্ৰত বঞ্চিত কৰাৰ অভিযোগত শনিবাৰে শিৱসাগৰ নগৰৰ যুৱদ’লত আটাছুৰ উদ্যোগত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়।

জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠন, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অ’এনজিচি বিষয়া, সাংবাদিক, সমাজকৰ্মী আৰু সচেতন নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অ’এনজিচিৰ শেহতীয়া নীতি-নিৰ্ধাৰণক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়।

বক্তাসকলে অভিযোগ কৰে যে ছয় দশকতকৈও অধিক সময় ধৰি শিৱসাগৰৰ বুকুত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰি অহা অ’এনজিচিয়ে এতিয়া ক্ৰমে অসম সম্পদৰ গুৰুত্ব হ্ৰাস কৰাৰ দিশে আগবাঢ়িছে।

সভাখন উদ্বোধন কৰি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড° সব্যসাচী মহন্তই কয় যে অ’এনজিচিক ক্ৰমাৎ ব্যক্তিগত খণ্ডৰ দিশে ঠেলি নিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেওঁ কয়, “এসময়ত অ’এনজিচি অসমৰ যুৱসমাজৰ নিয়োগৰ এক বৃহৎ ক্ষেত্ৰ আছিল। কিন্তু বৰ্তমান সেই অৱস্থা আৰু নাই। নতুন নিযুক্তি প্ৰায় বন্ধ হৈ পৰিছে। যি সামান্য নিযুক্তি হয়, সেয়াও অসমৰ বাহিৰত সম্পন্ন কৰি পিছত বদলিৰ নামত বাহিৰৰ লোকক ইয়ালৈ অনা হয়।”

তেওঁ অভিযোগ কৰে যে অ’এনজিচিয়ে উৎপাদন হ্ৰাস পোৱা বুলি দেখুৱাই একাংশ তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাই দিছে। বৰ্তমান অসমত অ’এনজিচিয়ে নিজাকৈ মাত্ৰ ১৩ খন তৈলক্ষেত্ৰ পৰিচালনা কৰি থকাৰ বিপৰীতে ১৭ খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীৰ হাতত চলি আছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ আঁৰত বৃহত্তৰ ব্যক্তিগতকৰণৰ পৰিকল্পনা আছে নেকি, সেই সন্দৰ্ভত ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হোৱা বুলিও তেওঁ মন্তব্য কৰে।

ড° মহন্তই কয় যে শিৱসাগৰৰ মাটি, জলসম্পদ আৰু পৰিৱেশ ব্যৱহাৰ কৰি অ’এনজিচিয়ে দশকজোৰা উৎপাদন অব্যাহত ৰাখিছে যদিও স্থানীয় ৰাইজে তাৰ উপযুক্ত প্ৰতিদান লাভ কৰা নাই। তেওঁ কয়, “দেশৰ সম্পদ বুলি বিশ্বাস কৰি শিৱসাগৰবাসীয়ে নিজৰ ভূমি অ’এনজিচিক সমৰ্পণ কৰিছিল। সেই সম্পদৰ পৰা উৎপন্ন লাভত স্থানীয় ৰাইজৰো ন্যায্য অংশীদাৰিত্ব আছে।”

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে কয় যে অ’এনজিচিৰ থলুৱা-বিৰোধী স্থিতিৰ বিৰুদ্ধেই এই ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। তেওঁ অভিযোগ কৰে যে অ’এনজিচিত হাজাৰ হাজাৰ পদ খালী হৈ থকাৰ পিছতো অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক নিয়োগৰ সুযোগ দিয়া হোৱা নাই। এক সময়ত প্ৰায় দহ হাজাৰ কৰ্মচাৰীৰে চলা অ’এনজিচি বৰ্তমান মাত্ৰ প্ৰায় ওঠৰশ কৰ্মচাৰীৰে পৰিচালিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে নিয়োগ বন্ধ ৰখাটো এক গভীৰ উদ্বেগৰ বিষয়।

অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত বিষয়া পোনাৰাম মিলিয়ে কয় যে আধুনিক প্ৰযুক্তি আৰু মেচিনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত বহু ক্ষেত্ৰত জনশক্তিৰ প্ৰয়োজনীয়তা কমিছে। তথাপিও থলুৱা যুৱক-যুৱতীৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত অ’এনজিচিয়ে দায়িত্ব এৰাব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে।

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰে শিৱসাগৰক আনুষ্ঠানিকভাৱে “তৈল নগৰী” হিচাপে ঘোষণা কৰাৰ দাবী পুনৰ উত্থাপন কৰে। তেওঁলোকৰ মতে, অসমৰ খাৰুৱা তেল উদ্যোগৰ ইতিহাস, অৰ্থনীতি আৰু সামাজিক জীৱনৰ সৈতে শিৱসাগৰৰ সম্পৰ্ক অবিচ্ছেদ্য। সেই মৰ্যাদা এতিয়াও চৰকাৰীভাৱে স্বীকৃতি নোপোৱাটো দুৰ্ভাগ্যজনক।

সভাত অংশগ্ৰহণ কৰি বিশিষ্ট নাগৰিক এনামউদ্দিন আহমেদে কয় যে অসমৰ সম্পদ ব্যক্তিগত পুঁজিপতিৰ হাতত এৰি দিয়াৰ পৰিৱৰ্তে ইয়াৰ সুফল স্থানীয় ৰাইজে লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত। তেওঁ চ্যুকাফা মাল্টিস্পেচিয়েলিটি হাস্পতালৰ সেৱা অধিক জনমুখী আৰু সুলভ কৰাৰ দাবী উত্থাপন কৰে।

সভাত অ’এনজিচিৰ বিৰুদ্ধে একাধিক দাবী উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত আছে— নতুন নিয়োগ প্ৰক্ৰিয়া অবিলম্বে আৰম্ভ কৰা, স্থানীয় যুৱক-যুৱতীক অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিয়া, শিৱসাগৰৰ পৰা কোনো কাৰ্যালয় স্থানান্তৰ নকৰা, তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ বন্ধ কৰা, নাজিৰাত ঠিকাদাৰী নিয়ন্ত্ৰণ ব্যৱস্থা অক্ষুণ্ণ ৰখা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, পৰিৱেশ সংৰক্ষণ, পৰম্পৰাগত কলা-সংস্কৃতিৰ পৃষ্ঠপোষকতা, ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন আৰু অ’এনজিচি তথা চ্যুকাফা হাস্পতালৰ স্বাস্থ্যসেৱা অধিক উন্নত আৰু সহজলভ্য কৰা।

সভাৰ অন্তত অ’এনজিচিৰ বিৰুদ্ধে ধাৰাবাহিক গণআন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অহা ১৯ জুনত অৱস্থান ধৰ্মঘট পালন কৰা হ’ব। ইয়াৰ পিছত জুলাই মাহত শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰে আটাছুৰ নেতৃত্বই।

বসন্ত গগৈয়ে স্পষ্ট ভাষাত কয় যে, থলুৱা যুৱসমাজৰ নিয়োগ, শিৱসাগৰৰ অধিকাৰ আৰু অসমৰ স্বাৰ্থ সুৰক্ষিত নোহোৱালৈকে অ’এনজিচিৰ বিৰুদ্ধে আমাৰ আন্দোলন অব্যাহত থাকিব।



