Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
https://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARटॉप न्यूज़लोकल न्यूज़शिवसागर

অসমৰ চিকিৎসা জগতলৈ গৌৰৱ কঢ়িয়াই আনিলে ডাঃ কবিতা শৰ্মাই : সৰ্বভাৰতীয় ইলেক্ট হোমিও মেডিকেল এচোছিয়েশ্যনৰ ৩৮তম প্ৰতিষ্ঠা দিৱসত “প্ৰেস্টিজ ৰিকগনাইজেশ্যন এৱাৰ্ড” লাভ

শিৱসাগৰ, ২৬ মে’ : অসমৰ হোমিওপেথিক চিকিৎসা ক্ষেত্ৰলৈ পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনিলে বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ কবিতা শৰ্মাই। উত্তৰাখণ্ডৰ ডেৰাডুনস্থিত হোটেল গ্ৰেণ্ড লেগেছিত যোৱা ২৪ মে’ত অনুষ্ঠিত সৰ্বভাৰতীয় ইলেক্ট হোমিও মেডিকেল এচোছিয়েশ্যনৰ (EMA India) ৩৮তম ৰাষ্ট্ৰীয় প্ৰতিষ্ঠা দিৱসত ডাঃ কবিতা শৰ্মাক “প্ৰেস্টিজ ৰিকগনাইজেশ্যন এৱাৰ্ড” প্ৰদান কৰা হয়।

দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আগতীয়া চিকিৎসক, গৱেষক আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ উপস্থিতিত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত উত্তৰাখণ্ড চৰকাৰৰ আয়ুষ বিভাগৰ মন্ত্ৰী মদন কৌশিকে আনুষ্ঠানিকভাৱে ডাঃ কবিতা শৰ্মাৰ হাতত এই সন্মান আগবঢ়ায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বহু ৰাজ্যৰ ৫০ হাজাৰৰো অধিক জটিল ৰোগত আক্ৰান্ত ৰোগীক সফলভাৱে চিকিৎসা প্ৰদান কৰি আৰোগ্য লাভ কৰোৱাত ডাঃ শৰ্মাই বিশেষ কৃতিত্ব দেখুৱাইছে। সেই অৱদানৰ স্বীকৃতি স্বৰূপেই তেওঁক এই ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে, এই ৩৮তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় অভিৱৰ্তনত ৰাজস্থান, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পঞ্জাৱ আদি বিভিন্ন ৰাজ্যৰ শতাধিক চিকিৎসকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন বিশেষজ্ঞ চিকিৎসকে নিজ নিজ চিকিৎসা পদ্ধতি, জটিল ৰোগ নিৰূপণ আৰু আধুনিক চিকিৎসা পদ্ধতিৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়।

দীর্ঘদিন ধৰি নিজস্ব দক্ষতা, অধ্যৱসায় আৰু মানৱসেৱামূলক মনোভাৱেৰে চিকিৎসা ক্ষেত্ৰত নিয়োজিত ডাঃ কবিতা শৰ্মাই ইতিমধ্যে বহু ৰোগীক অতি কম সময়ৰ ভিতৰত সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। চিকিৎসা ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেওঁ ২০১৬ চনৰ পৰা বৰ্তমানলৈকে “হেনিমেন এৱাৰ্ড”, “এৱাৰ্ড অৱ অনাৰ”, “এৱাৰ্ড অৱ এক্সিলেন্স”কে ধৰি একাধিক ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰিও প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে হৰিদ্বাৰৰ আলিপুৰ বহদৰাবাদত আয়োজিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ শিবিৰতো অংশগ্ৰহণ কৰে ডাঃ কবিতা শৰ্মাই। উক্ত চিকিৎসা শিবিৰত শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়। এই শিবিৰ উদ্বোধন কৰে আলিপুৰ সমষ্টিৰ বিধায়ক আদেশ চৌহানে।

আনহাতে, প্ৰতিষ্ঠা দিৱসৰ অন্তত EMA India-ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ কে. পি. চৌহানৰ তত্বাৱধানত হৰিদ্বাৰত পবিত্ৰ গংগা আৰতি অনুষ্ঠানতো অংশগ্ৰহণ কৰে ডাঃ কবিতা শৰ্মাই। অনুষ্ঠানত হৰিদ্বাৰৰ অধ্যক্ষ নিতিন গৌতম, ডাঃ শৰ্মাৰ স্বামী দেৱজিৎ কাকতিৰ লগতে সংস্থাটোৰ বহু বিষয়ববীয়া উপস্থিত থাকে।

ডাঃ কবিতা শৰ্মাৰ এই উল্লেখযোগ্য সফলতাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা ক্ষেত্ৰলৈ এক নতুন গৌৰৱ কঢ়িয়াই অনাৰ লগতে নবীন চিকিৎসকসকলকো অনুপ্ৰেৰণা যোগাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!