অ’এনজিচিৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আটাছুৰ তীব্ৰ ক্ষোভ : চতুৰালিৰে বৰ্হি ৰাজ্যৰ লোকক নিযুক্তি, শিৱসাগৰৰ পৰা এটাৰ পিছত এটা কাৰ্যালয় দেৰাদুনলৈ স্থানান্তৰ : অ’এনজিচিৰ বিৰুদ্ধে সৰ্বাত্মক আন্দোলনৰ হুংকাৰ
“অসমৰ যুৱ সমাজক বঞ্চিত কৰাৰ গভীৰ চক্ৰান্ত” — আটাছুৰ সভাপতি বসন্ত গগৈ

শিৱসাগৰ, ২৩ মে’ : অসমৰ তেল সম্পদক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ। তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড চমুকৈ অ’এনজিচিৰ বিৰুদ্ধে এইবাৰ থলুৱা বিৰোধী নীতি গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে।
শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সংবাদমেলত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে অ’এনজিচিৰ বিৰুদ্ধে একাধিক বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, “অসমৰ মাটিত খনন আৰু উৎপাদন চলাই কোটি কোটি টকাৰ মুনাফা অৰ্জন কৰা অ’এনজিচিয়ে বৰ্তমান থলুৱা শিক্ষিত নিবনুৱা যুৱ সমাজক সম্পূৰ্ণৰূপে অৱহেলা কৰি বৰ্হি ৰাজ্যৰ লোকক নিযুক্তি দিয়াৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।”
সংবাদমেলত সভাপতি গৰাকীয়ে স্পষ্ট ভাষাত কয় যে, অ’এনজিচিয়ে যোৱা প্ৰায় দহ বছৰে অসমত নতুনকৈ কোনো স্থায়ী নিযুক্তিৰ পথ মুকলি কৰা নাই। এসময়ত শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন তৈলক্ষেত্ৰত অ’এনজিচিৰ অধীনত প্ৰায় দহ হাজাৰ কৰ্মচাৰী কৰ্মৰত আছিল যদিও বৰ্তমান সেই সংখ্যা দুহাজাৰতকৈও কম হৈ পৰিছে। অথচ উৎপাদনৰ ক্ষেত্ৰত বিশেষ কোনো হ্ৰাস হোৱা নাই বুলি দাবী কৰে আটাছুৱে।
বসন্ত গগৈৰ ভাষ্য অনুসৰি, “আজিৰ পৰা দহ বছৰ আগতে যিমান পৰিমাণৰ তেল আৰু গেছ উৎপাদন হৈছিল, আজিও প্ৰায় একেই উৎপাদন চলি আছে। তেতিয়া দহ হাজাৰ কৰ্মচাৰীয়ে যি উৎপাদন কৰিছিল, এতিয়া দুহাজাৰ কৰ্মচাৰীয়ে সেই একেই উৎপাদন কৰি আছে। গতিকে উৎপাদন হ্ৰাস পোৱাৰ অজুহাত দেখুৱাই নতুন নিযুক্তি নিদিয়াৰ যুক্তি সম্পূৰ্ণ ভিত্তিহীন।”
তেওঁ অভিযোগ কৰে যে অ’এনজিচিয়ে স্থানীয় শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক বঞ্চিত কৰি গোপনে বৰ্হি ৰাজ্যৰ লোকক নিযুক্তি দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বহু ক্ষেত্ৰত কোনো ধৰণৰ উন্মুক্ত সাক্ষাৎকাৰ বা স্বচ্ছ নিয়োগ প্ৰক্ৰিয়া নকৰাকৈ নিযুক্তি সম্পন্ন কৰা হৈছে বুলিও অভিযোগ তোলে সংগঠনটোৱে।
আটাছুৰ মতে, এই সমগ্ৰ প্ৰক্ৰিয়াই স্পষ্টভাৱে প্ৰমাণ কৰে যে অ’এনজিচিয়ে অসমৰ থলুৱা সমাজৰ প্ৰতি এক বিৰূপ মনোভাৱ গ্ৰহণ কৰিছে। “অসমৰ সম্পদ লুটি নিয়া হ’ব, কিন্তু অসমৰ যুৱ সমাজে কৰ্মসংস্থাপনৰ অধিকাৰ নাপাব — এই নীতি কোনো কাৰণতে মানি লোৱা নহ’ব,” বুলি সকীয়াই দিয়ে বসন্ত গগৈয়ে।
সংবাদমেলত অ’এনজিচিৰ কাৰ্যালয়সমূহ শিৱসাগৰৰ পৰা পৰিকল্পিতভাৱে দেৰাদুনলৈ স্থানান্তৰ কৰাৰ বিষয়টোও তীব্ৰভাৱে উত্থাপন কৰে আটাছুৱে। সংগঠনটোৰ অভিযোগ অনুসৰি, অ’এনজিচিয়ে এটাৰ পিছত এটা গুৰুত্বপূৰ্ণ বিভাগ শিৱসাগৰৰ পৰা উঠাই নি দেৰাদুনত কেন্দ্ৰীভূত কৰি আছে।
বসন্ত গগৈয়ে কয়, “সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়টো হ’ল — দেৰাদুনত অ’এনজিচিৰ কোনো তৈলক্ষেত্ৰই নাই। তথাপিও উৎপাদন আৰু খননৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ কাৰ্যালয় উজনি অসমৰ পৰা স্থানান্তৰ কৰা হৈছে। পূৰ্বতে শিৱসাগৰত কোটি কোটি টকাৰ নিবিদা গ্ৰহণ কৰা বিভাগটোকো এতিয়া অন্য ৰাজ্যলৈ স্থানান্তৰ কৰা হৈছে। আনকি বিত্তীয় বিভাগ পৰ্যন্ত স্থানান্তৰিত কৰা হৈছে।”
তেওঁ আৰু কয় যে, “শিৱসাগৰত এতিয়া অ’এনজিচিৰ নামত কেৱল এখন জকা ৰাখি থোৱা হৈছে। এই কাৰ্যই স্পষ্টভাৱে বুজাই দিছে যে আগন্তুক সময়ত থলুৱা যুৱ সমাজৰ বাবে অ’এনজিচিৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে।”
সংবাদমেলত আটাছুৰ কেন্দ্ৰীয় নেতৃত্বই স্পষ্ট কৰি দিয়ে যে অসমৰ সম্পদ শোষণ কৰি অসমৰ যুৱ সমাজক বঞ্চিত কৰাৰ এই নীতিৰ বিৰুদ্ধে তীব্ৰ গণআন্দোলন গঢ়ি তোলা হ’ব। অ’এনজিচিৰ “থলুৱা বিৰোধী স্থিতি”ৰ বিৰুদ্ধে অসমৰ সকলো জাতি-জনগোষ্ঠী, ছাত্র-যুৱ সমাজ আৰু সচেতন ৰাইজক একত্ৰিত কৰি আগন্তুক দিনত সৰ্বাত্মক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।
উল্লেখযোগ্য যে, উজনি অসমৰ তৈলসমৃদ্ধ অঞ্চলসমূহত বহু বছৰ ধৰি কৰ্মসংস্থান, ভূমি অধিগ্ৰহণ, পৰিৱেশ দূষণ আৰু সম্পদৰ ন্যায্য অধিকাৰক কেন্দ্ৰ কৰি বিভিন্ন সময়ত অ’এনজিচিৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাই আহিছে। বিশেষকৈ স্থানীয় যুৱ সমাজৰ মাজত “অসমৰ সম্পদত অসমৰ অধিকাৰ” দাবী পুনৰ জোৰদাৰ হৈ উঠিছে।
এই পৰিপ্ৰেক্ষিতত আটাছুৰ এই কঠোৰ স্থিতিয়ে আগন্তুক সময়ত ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত নতুন বিতৰ্কৰ সূচনা কৰাৰ সম্ভাৱনা দেখা দিছে।




