গড়গাঁও মহাবিদ্যালয়ত বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন : তথ্যচিত্ৰ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু এনচিচি কেডেটসকলৰ মাজত পৰিৱেশ সজাগতা সৃষ্টিৰ প্ৰয়াস
ড° সব্যসাচী মহন্তই সমাজৰ প্ৰতিজন নাগৰিকক প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ আহ্বান জনায়

শিৱসাগৰ, ২৩ মে’ :
শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগে আভ্যন্তৰীণ মান নিৰূপন কোষ আৰু ১১ অসম বি এন এন চি চিৰ সহযোগত “জৈৱ বৈচিত্ৰ্য” বিষয়ক তথ্যচিত্ৰ প্ৰদৰ্শনৰ জৰিয়তে এই দিৱস উদযাপন কৰে।
উল্লেখযোগ্য যে, ছাত্ৰ-ছাত্ৰী আৰু এনচিচি কেডেটসকলৰ মাজত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা আৰু বহনক্ষম জীৱন-যাপনৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, প্ৰবন্ধকাৰ, কবি তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে সচেতনতামূলক পদক্ষেপৰ বাবে আয়োজকসকলক শলাগ লয়। তেওঁ সমাজৰ প্ৰতিজন নাগৰিকক প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ আহ্বান জনায়।
কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ড° পিমিলি লাংথাছাই বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য আৰু বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
ইয়াৰ লগতে প্ৰাণীবিজ্ঞান বিভাগৰ ড° ৰশ্মি দত্তই প্ৰকৃতি সুৰক্ষা আৰু অঞ্চলটোৰ চহকী জৈৱ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত বক্তব্য আগবঢ়ায়। সহকাৰী অধ্যাপক ড° অনুৰাগ প্ৰতীম দাসে স্থানীয় জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ ব্যৱস্থাৰ প্ৰতি বৰ্তমান সময়ত বৃদ্ধি পোৱা ভাবুকিসমূহৰ বিষয়ে আলোচনা কৰে। আনহাতে, সহকাৰী অধ্যাপিকা দীপশিখা মহনে স্থানীয় আৰু বিশ্ব পৰ্যায়ত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই উপলক্ষে প্ৰদৰ্শিত তথ্যচিত্ৰখনত বিশ্বব্যাপী আৰু স্থানীয় জৈৱ বৈচিত্ৰ্য, বিভিন্ন পৰিৱেশ তন্ত্ৰ, বিপন্ন প্ৰজাতি, সংৰক্ষণমূলক প্ৰচেষ্টা আৰু পৰিৱেশৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ সুস্পষ্টভাৱে উপস্থাপন কৰা হয়। তথ্যচিত্ৰখনে উপস্থিত অংশগ্ৰহণকাৰীসকলক যথেষ্ট আকৰ্ষিত কৰাৰ লগতে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম জীৱন-যাপনৰ প্ৰতি উৎসাহিত কৰে।
জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পৰিৱেশ বহনক্ষমতাৰ দিশত এক সামূহিক প্ৰতিশ্ৰুতিৰে অনুষ্ঠানটোৰ সামৰণি পৰে।




