Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ACHIVEMENTASSAMAWARDEducationLocal NewsNGOSIVASAGARSocial ServiceSTATESTUDENTS

হাতীখোক ক্ৰীড়া সন্থাৰ প্ৰশংসনীয় পদক্ষেপ—২৩ গৰাকী কৃতী শিক্ষাৰ্থীক অভিনন্দন : অৰ্ণৱ বৰা আৰু জ্ঞান জেহফিল জামাললৈ ইন্দ্ৰধৰ চলিহা আৰু সূৰ্যধৰ চলিহা সোঁৱৰণী বঁটা : দুগৰাকী কৃতী শিক্ষাৰ্থীক আৰ্থিক সাহায্য—মৰতুজা চুহেল আহমেদলৈ শৈক্ষিক বঁটা : ৰফিকুল হাজৰিকা, ঘনকান্ত দাস আৰু তাজনুৰ আলীক বিশেষ সম্বৰ্ধনা

‘প্ৰৱল ইচ্ছাশক্তি থাকিলেহে জীৱনৰ লক্ষ্যস্থানত উপনীত হ’ব পাৰি’—ড° জ্ঞানশ্ৰী বৰা

শিৱসাগৰ, ২০ ছেপ্টেম্বৰ : শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে অঞ্চলটোৰ কৃতী প্ৰতিভাসমূহক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে শিৱসাগৰৰ অন্যতম অগ্ৰণী অনুষ্ঠান হাতীখোক ক্ৰীড়া সন্থাই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। সন্থাৰ উদ্যোগত আৰু শিক্ষা কোষৰ সহযোগত বৃহত্তৰ ঐতিহাসিক হাতীখোঁক গাঁৱৰ সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ২৩ গৰাকী কৃতী শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে তিনিগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একেটা অনুষ্ঠানতে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অঞ্চলটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী কৃতী শিক্ষাৰ্থীক ইন্দ্ৰধৰ চলিহা আৰু সূৰ্যধৰ চলিহা সোঁৱৰণী বঁটাও প্ৰদান কৰা হয়।

ড° ভূপেন হাজৰিকা বিবাহ ভৱনত অভিনন্দন অনুষ্ঠান

ৰংঘৰ চাৰিআলিস্থিত ড° ভূপেন হাজৰিকা বিবাহ ভৱন আৰু সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানটোৰ আঁত ধৰে হাতীখোক ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সদস্য আতিকুৰ হাজৰিকাই। সন্থাৰ সভাপতি ইমদাদউল্লাই আদৰণি ভাষণ প্ৰদান কৰি কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী আবু চৈয়দ ইমদাদুৰ ৰহমানে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। সমাজকৰ্মী তথা ছাত্ৰনেতা জিন্তু মেচেও শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক মনোজ্ঞ বক্তব্য প্ৰদান কৰাৰ লগতে কৃতী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ বাবে হাতীখোঁক ক্ৰীড়া সন্থাই গ্ৰহণ কৰা এনে পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে।

‘কঠোৰ অনুশীলন আৰু আত্মবিশ্বাসেৰে নিজকে প্ৰতিষ্ঠা কৰিব লাগিব’

অনুষ্ঠানৰ মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ড° জ্ঞানশ্ৰী বৰাই শিক্ষাৰ্থীসকলক জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰি কঠোৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়।

তেওঁ সৎ সংগ, হীনমন্যতাৰ পৰা মুক্তি, আত্মবিশ্বাস, পাৰস্পৰিক মিলাপ্ৰীতি আদি বিভিন্ন বিষয়ৰ ওপৰত বাস্তৱমুখী উদাহৰণেৰে শিক্ষাৰ্থীসকলৰ আগত বিশ্লেষণ দাঙি ধৰে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভৰ বাবে মানসিক দৃঢ়তা আৰু প্ৰৱল ইচ্ছাশক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড° বৰাই কয় যে প্ৰৱল ইচ্ছাশক্তি থাকিলেহে এজন ব্যক্তিয়ে জীৱনৰ নিৰ্ধাৰিত লক্ষ্যস্থানত উপনীত হ’ব পাৰে।

২৩ গৰাকী কৃতী শিক্ষাৰ্থীক অভিনন্দন

অনুষ্ঠানত হাতীখোক গাঁৱৰ লগতে ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ পৰা সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ২৩ গৰাকী কৃতী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয়।

ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শৈক্ষিক সাফল্যক সামাজিকভাৱে স্বীকৃতি দিয়াৰ লগতে আগন্তুক দিনত আৰু অধিক সফলতা অৰ্জনৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়াস কৰা হয়।

অৰ্ণৱ বৰা আৰু জ্ঞান জেহফিল জামাললৈ সোঁৱৰণী বঁটা

বৃহত্তৰ অঞ্চলটোৰ ভিতৰত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰথম স্থানৰ অৰ্ণৱ বৰা আৰু দ্বিতীয় স্থানৰ জ্ঞান জেহফিল জামালক বিশেষভাৱে সন্মানিত কৰা হয়।

দুয়োগৰাকী কৃতী শিক্ষাৰ্থীক ক্ৰমে ইন্দ্ৰধৰ চলিহা আৰু সূৰ্যধৰ চলিহা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ সৈতে তেওঁলোকক একোটাকৈ স্মাৰক আৰু অভিনন্দন পত্ৰ প্ৰদান কৰি সন্মান জনোৱা হয়।

দৰিদ্ৰ কৃতী শিক্ষাৰ্থীলৈ আৰ্থিক সাহায্য

অনুষ্ঠানটোৰ আন এক উল্লেখযোগ্য দিশ আছিল আৰ্থিকভাৱে পিছপৰা কৃতী শিক্ষাৰ্থীক সহায় আগবঢ়োৱা। শিক্ষা কোষৰ হাচনা আৰা বেগম ন্যাসৰ তৰফৰ পৰা দুগৰাকী দৰিদ্ৰ কৃতী শিক্ষাৰ্থীক নগদ ধনৰ সাহায্য প্ৰদান কৰা হয়।

একেদৰে মৰতুজা চুহেল আহমেদক প্ৰাক্তন শিক্ষক মৰহুম আলহাজ চৈয়দ আটাউৰ ৰহমান সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। কৃতী শিক্ষাৰ্থীসকলক কেৱল সম্বৰ্ধনাতে সীমাবদ্ধ নাৰাখি প্ৰয়োজন অনুসৰি আৰ্থিক সহায় আগবঢ়োৱাৰ এই পদক্ষেপ উপস্থিত ৰাইজে আদৰণি জনায়।

তিনিগৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধনা

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে হাতীখোক ক্ৰীড়া সন্থাই তিনিগৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

বিশিষ্ট ব্যৱসায়ী ৰফিকুল হাজৰিকা, ঘনকান্ত দাস আৰু তাজনুৰ আলীক অনুষ্ঠানত বিশেষ সম্বৰ্ধনা জনোৱা হয়।

জুবিন গাৰ্গৰ গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ

অনুষ্ঠানৰ আৰম্ভণিতে স্থানীয় শিক্ষাৰ্থী তানবীৰা কৌচাৰ হাজৰিকাই জুবিন গাৰ্গৰ এটি গীত পৰিৱেশন কৰি এক আবেগঘন পৰিৱেশ সৃষ্টি কৰাৰ লগতে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

অনুষ্ঠানত দাতা পৰিয়ালৰ পূৰবী চলিহা, সমাজকৰ্মী লুটফুৰ ৰহমান, চহিদুৰ ৰহমান, ৱাৰ্ড সদস্যা মৰ্জিনা বেগম, জেচমিনা হাজৰিকা, শিক্ষা কোষৰ সভাপতি চৈয়দ জেহিৰুল হুদা, প্ৰবীণ হুছেইন, মুক্তাৱ হুছেইন, চৈয়দ আচানুৰ ৰহমান, নবীউল্লা হুছেইন, অণু হাজৰিকা, আচানুদ্দিন মোলান্না আৰু বাবুল আলীকে ধৰি হাতীখোক ক্ৰীড়া সন্থাৰ সকলো বিষয়ববীয়া আৰু প্ৰায় শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

শেষত আতিকুৰ হাজৰিকাই অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলোকে শলাগ জ্ঞাপন কৰে। কৃতী শিক্ষাৰ্থীসকলক স্বীকৃতি, দৰিদ্ৰ মেধাৱীক আৰ্থিক সহযোগিতা আৰু সমাজলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱাৰ জৰিয়তে হাতীখোক ক্ৰীড়া সন্থাই শিক্ষা আৰু সামাজিক দায়বদ্ধতাৰ এক ইতিবাচক নিদৰ্শন দাঙি ধৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!