ব্ৰিটিছ সংসদত অসমৰ গৌৰৱ উজলাই অহা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক আউনীআটী বিশ্ববিদ্যালয়ৰ উষ্ম সম্বৰ্ধনা : লণ্ডনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন দৰ্শন আৰু অসমৰ বৈষ্ণৱ ঐতিহ্যৰ গৌৰৱোজ্জ্বল উপস্থাপনৰ বাবে জনোৱা হ’ল বিশেষ সন্মান

টীয়ক, ২৯ জুন : লণ্ডনৰ ব্ৰিটিছ সংসদত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন দৰ্শন, অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সত্ৰীয়া ঐতিহ্যক বিশ্বদৰবাৰত সগৌৰৱে উপস্থাপন কৰি অসমৰ সাংস্কৃতিক পৰিচয়ক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন মৰ্যাদা প্ৰদান কৰা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱ গোস্বামীক আজি টীয়ক-কলিয়াপানীস্থিত আউনীআটী শাখা সত্ৰত আউনীআটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়।

বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দলৰ সম্বৰ্ধনা জ্ঞাপন
বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ নেতৃত্বত অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এটি প্ৰতিনিধি দলে সত্ৰাধিকাৰ চ’ৰাত উপস্থিত হৈ ড° পীতাম্বৰ দেৱ গোস্বামীক চেলেং, সম্বৰ্ধনা-পত্ৰ আৰু ফুলৰ তোৰাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।
“এয়া কেৱল ভাষণ নাছিল, অসমৰ সাংস্কৃতিক আত্মমৰ্যাদাৰ গৌৰৱোজ্জ্বল উপস্থাপন”
সম্বৰ্ধনা অনুষ্ঠানত বক্তব্য ৰাখি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই কয় যে, ব্ৰিটিছ সংসদত ড° পীতাম্বৰ দেৱ গোস্বামীয়ে আগবঢ়োৱা ভাষণ কেৱল এজন সত্ৰাধিকাৰৰ ভাষণ নাছিল; সেয়া আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন দৰ্শন, অসমৰ বৈষ্ণৱ ঐতিহ্য আৰু সমগ্ৰ অসমীয়া জাতিৰ সাংস্কৃতিক আত্মমৰ্যাদাৰ এক গৌৰৱোজ্জ্বল উপস্থাপন।
তেওঁ কয় যে, সত্ৰাধিকাৰগৰাকীৰ এই ঐতিহাসিক সাফল্যই আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক, কৰ্মচাৰী, গৱেষক আৰু শিক্ষাৰ্থীক নতুন উদ্যম আৰু প্ৰেৰণা যোগাইছে। এই সাফল্য অসমীয়া জাতিৰ বাবেও এক গৌৰৱৰ বিষয় বুলি তেওঁ উল্লেখ কৰে।

লণ্ডন ভ্ৰমণৰ অভিজ্ঞতা ভাগ-বতৰা সত্ৰাধিকাৰৰ
সম্বৰ্ধনা গ্ৰহণ কৰাৰ পিছত ড° পীতাম্বৰ দেৱ গোস্বামীয়ে বিশ্ববিদ্যালয় পৰিয়ালৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ লণ্ডন ভ্ৰমণৰ বিভিন্ন অভিজ্ঞতা, ব্ৰিটিছ সংসদত অনুষ্ঠিত অনুষ্ঠানৰ বিভিন্ন দিশ, ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত ঐতিহাসিক বৃন্দাবনী বস্ত্ৰ প্ৰত্যক্ষ কৰাৰ অনুভৱ আৰু বিদেশত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি প্ৰকাশ পোৱা গভীৰ সন্মানৰ বিষয়ে উপস্থিতসকলৰ সৈতে বিস্তৃতভাৱে মত বিনিময় কৰে।

আশীৰ্বাদ গ্ৰহণেৰে সামৰণি
অনুষ্ঠানটোত উপস্থিত বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলে সত্ৰাধিকাৰগৰাকীৰ মূল্যৱান অভিজ্ঞতা মনোযোগেৰে শোনে। অনুষ্ঠানৰ অন্তত সকলোৱে তেখেতৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে অসমৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু শৈক্ষিক ঐতিহ্য সংৰক্ষণ আৰু বিশ্বদৰবাৰত অধিক শক্তিশালীভাৱে উপস্থাপনৰ ক্ষেত্ৰত একেলগে কাম কৰি যোৱাৰ সংকল্প ব্যক্ত কৰে।




