অসমৰ জনপ্ৰিয় কবি জোনমণি দাসৰ দেহাৱসান : কাব্য প্ৰেমীসকলক শোকস্তব্ধ কৰি আজি অতি নিৰৱে আঁতৰি গ’ল যুৱ কবি জোনমণি : বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক
কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে জোনমণিৰ পৰিয়াললৈ ১-১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰাৰ ঘোষণা কৰিছে

শিৱসাগৰ, ১২ মে’: সাম্প্ৰতিক অসমৰ এগৰাকী বিশিষ্ট কবি জোনমণি দাস আৰু নাই। অসমৰ কাব্য প্ৰেমীসকলক শোকস্তব্ধ কৰি আজি অতি নিৰৱে আঁতৰি গ’ল কবি জোনমণি। কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ থকা কবি জোনমণি আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৩৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁ মাতৃ আৰু পত্নীৰ উপৰিও এগৰাকী কন্যা আৰু পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়।
উল্লেখ্য যে, অতি সহজ সৰল স্বভাৱৰ জোনমণি দাসে ১৯৮৫ চনৰ ৩১ মে’ত শিৱসাগৰ নগৰৰ ৱাৰ্ড নং ৩ ৰ থানামুখ অঞ্চলত জন্মগ্ৰহণ কৰিছিল। কবি জোনমণি দাসে কবিতাৰ উপৰিও শিশু সাহিত্য, ছবি অঁকা, সম্পাদনা কৰ্মৰ সৈতেও জড়িত আছিল।
জোনমণি দাসৰ অকাল মৃত্যুত শোকস্তব্দ হৈ পৰে জন্মস্হান শিৱসাগৰৰ বৌদ্ধিক সমাজ। প্ৰয়াত ললিত দাস আৰু আৰতি দাসৰ পুত্ৰ জোনমণি ছাত্ৰাৱস্থাৰ পৰাই তীক্ষ্ণ বুদ্ধি সম্পন্ন ছাত্ৰ আছিল। শিৱসাগৰৰ দুখীয়া স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰা জোনমণিয়ে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পাছত বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
বাল্য কালৰে পৰা ধাৰাবাহিকভাৱে সাহিত্য চৰ্চা কৰা জোনমণিয়ে সাহিত্যক্ষেত্ৰখনত জড়িত হৈ অসমৰ প্ৰতিখন কাকত-আলোচনীত নিয়মীয়াকৈ কবিতা, শিশু পদ্য লিখি অহা জোনমণি দাসে ২০০৭ চনত শিৱসাগৰৰ পৰা প্ৰকাশিত অধুনালুপ্ত শিশু আলোচনী ‘আমাৰ জোনবাই’ত উপ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে প্ৰকাশ পায় প্ৰথমখন কাব্যগ্ৰন্থ ‘স্বপ্নবাক বৰষুণ’।
কবিগৰাকীৰ বহুসংখ্যক গুণমুগ্ধৰ প্ৰচেষ্টাৰে বহু বছৰৰ বিৰতিৰ অন্তত কবিৰ দ্বিতীয় কাব্যগ্ৰন্থ ‘জলস্তম্ভ’ প্ৰকাশিত হয়। শিৱসাগৰৰ ‘চুফী বেকাৰী’ত কৰ্মজীৱনৰ পাতনি মেলি তেওঁ পৰৱৰ্তী সময়ত গুৱাহাটীৰ প্ৰকাশন প্ৰতিষ্ঠান ‘পাঞ্চজন্য’ প্ৰকাশনত যোগদান কৰে। তাৰপিছত মৃত্যুপৰ্যন্ত জোনমণি দাসে অসমৰ জনপ্ৰিয় পষেকীয়া আলোচনী ‘প্ৰান্তিক’ত কৰ্ম সম্পাদন কৰি আছিল।
‘স্বপ্নবাক বৰষুণ’, ‘জলস্তম্ভ’, ‘কৈলাশৰ টোকাৰী’, ‘উৰণীয়া ছাঁ’, ‘নিনাদিত নিৰ্জনতা’, ‘মৈথুনৰত মাছ’, ‘সমকামী সূৰ্য’, ‘টেঙেচী ফুলৰ টোপনি’কে ধৰি ভালেসংখ্যক কাব্যগ্ৰন্থৰ উপৰি বহুকেইটা শিশু-সাহিত্য সংকলনৰ যোগেদি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। তেওঁৰ সাহিত্য-কৰ্মৰ স্বীকৃতি হিচাপে বিভিন্ন অনুষ্ঠানে ইতিমধ্যে তেওঁলৈ চুজাউদ্দিন আহমেদ সোঁৱৰণী বঁটা, বেণু চিৰিং সোৱৰণী বঁটা, কাব্যম বঁটা, স্বৰ্ণলিপি বঁটা আগবঢ়াইছে।
তেখেতৰ নশ্বৰদেহ আজি বিয়লি শিৱসাগৰৰ থানামুখৰ স্ব-গৃহত উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। তেখেতৰ বাসভৱনত সাহিত্য কৰ্মী সকলৰ উপস্থিতিত এখনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
শিৱসাগৰ জিলা কবি সন্মিলন আৰু শিৱসাগৰ কবি চক্ৰৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি হৰেন গগৈয়ে জোনমণি দাসৰ অকাল মৃত্যু অসমৰ কাব্যজগতৰ বাবে অপূৰণীয় ক্ষতি আখ্যা দিয়ে। তেওঁৰ কবিতাত অসমীয়া লোকজীৱনৰ সুৰ প্ৰতিফলিত হোৱা কবিতাসমূহ নতুন কবিসকলৰ বাবে আদৰ্শস্বৰূপ হৈ ৰ’ব।
বিশিষ্ট কবি ৰাজীৱ বৰাই জোনমণি দাসক তৰুণ প্ৰজন্মৰ কবিসকলৰ ভিতৰত প্ৰথম শাৰীত থকা কবি আখ্যা দি তেওঁৰ কবিতাত অসমীয়া ভাষাৰ কালিকা সেয়া উদ্ভাসিত হোৱাৰ কথা কয়। কাব্যজগতত তেওঁৰ আসন গ্ৰহণ কৰিব পৰা উত্তৰাধিকাৰী আছে বুলি মনে নধৰে বুলি মন্তব্য কৰে।
বিশিষ্ট কবি পুঞ্জন বৰুৱা, বিজয় ৰবি দাস, ব্ৰজেন দাস, তুলিকা চেতিয়া য়েইন, প্ৰাঞ্জল আবিৰ দাস, মেঘালী হাজৰিকা কাকতি, জয়জ্যোতি গগৈ, ভৈৰৱ মুণ্ডা, অশ্ৰুমণি দত্ত ঘোষ, বন্দনা কৌশিক বৰদলৈকে ধৰি বহু গুণমুগ্ধই উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি অৰ্পণৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।
ইফালে, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কবি জোনমণি দাসৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শেষকৃত্য অনুষ্ঠানৰ সকলো ব্যৱস্থা কৰাৰ লগতে কবিৰ পৰিয়াললৈ ১ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
কবিগৰাকীৰ মৃত্যুত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, শিৱসাগৰ জিলা কবি সন্মিলন, শিৱসাগৰ কবি চক্ৰ, শিৱসাগৰ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ জিলা ই মেডিয়া সংস্থা, শিৱসাগৰ জিলা অনুসূচীত জাতি পৰিষদ, শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থা, ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সমিতি, দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ, দৈকলঙীয়া গাঁও বৰনামঘৰ উন্নয়ন সমিতি, কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসম, সতী ৰাধিকা স্মৃতি কলা কেন্দ্ৰ, শিৱসাগৰ জিলা সাহিত্য সভা, অৰুনোদয় সাহিত্য সভা, কলঞ্চুপাৰ শাখা সাহিত্য সভা, শিৱসাগৰ কবি চক্ৰ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, প্ৰজ্ঞা, বাক্য, অনুসূচীত জাতি ছাত্ৰ সন্থা, শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়, জাগৃত নাৰী সমাজ, সদৌ কলিতা ছাত্ৰ সন্থা, দিচাংমুখ শাখা কবি সন্মিলন, পথিকৃত, অন্তৰংগ, শিৱসাগৰ জিলা কবি সমাজকে ধৰি বহু ব্যক্তি অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।
আজি বিয়লি ৩ বজাত স্থানীয় থানামুখ শান্তিবন শ্মশানত অগণন গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।।




