Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ACCIDENTASSAMCRIMEGOVERNMENTLocal NewsPOLICEROAD ACCIDENTSIVASAGARSTATE

শিৱসাগৰত পথ দুৰ্ঘটনা ৰোধত কঠোৰ জিলা প্ৰশাসন—পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক : বৰ্ধিত পথ দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰক লৈ উদ্বিগ্ন জিলা আয়ুক্ত মৃদুল য়াদৱ—মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা তৎকালীনভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশ

দুৰ্ঘটনাপ্ৰৱণ পথ চিনাক্তকৰণ, গাঁত মেৰামতি, ছাইনেজ-ৰিফ্লেক্টৰ আৰু পোহৰৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব

শিৱসাগৰ, ১৭ ছেপ্টেম্বৰ : শিৱসাগৰ জিলাত শেহতীয়াকৈ সংঘটিত পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ মৃদুল য়াদৱৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক একাধিক নিৰ্দেশনা প্ৰদান কৰা হয়।

বৰ্ধিত মৃত্যুৰ হাৰক লৈ উদ্বেগ—মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ নিৰ্দেশ

বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্ত মৃদুল য়াদৱে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৰহাটত ইতিমধ্যে অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনত শিৱসাগৰ জিলাত শেহতীয়াকৈ পথ দুৰ্ঘটনাজনিত মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰদান কৰা বিশেষ নিৰ্দেশনাসমূহৰ বিষয়ে উপস্থিত বিষয়াসকলক অৱগত কৰে।

জিলাখনৰ পথ দুৰ্ঘটনা আৰু মৃত্যুৰ বৰ্ধিত হাৰক লৈ বিশেষ উদ্বেগ প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে জিলা পথ সুৰক্ষা সমিতিৰ সৈতে জড়িত বিভাগসমূহক উক্ত নিৰ্দেশনাসমূহ যথাযথ আৰু তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰিবলৈ বাস্তৱমুখী আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।

দুৰ্ঘটনাপ্ৰৱণ পথ চিনাক্ত কৰি বিস্তৃত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

বৈঠকত পথসমূহৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ দায়িত্বত থকা Road Owning Agencyসমূহ—লোকনিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (NHIDCL), পৌৰসভা আদি সংস্থাক দুৰ্ঘটনাপ্ৰৱণ পথসমূহ শীঘ্ৰে চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়া হয়।

এই পথসমূহত থকা বিভিন্ন ত্ৰুটি, আসোঁৱাহ অথবা পথ সুৰক্ষাৰ ক্ষেত্ৰত বিপদৰ সৃষ্টি কৰিব পৰা সমস্যাসমূহ চিনাক্ত কৰি জিলা প্ৰশাসনৰ ওচৰত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈও সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিয়া হয়।

পথৰ গাঁত মেৰামতিৰ পৰা ছাইনেজ-ৰিফ্লেক্টৰলৈ বিশেষ গুৰুত্ব

পথৰ দুৰৱস্থাই যাতে দুৰ্ঘটনাৰ কাৰণ হৈ নপৰে, তাৰ বাবে পথত সৃষ্টি হোৱা গাঁতসমূহ শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিয়া হয়।

ইয়াৰ লগতে দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহত প্ৰয়োজনীয় ছাইনেজ (Signage), ৰিফ্লেক্টৰ (Reflector), উপযুক্ত গতিৰোধক আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিকল হৈ থকা ষ্ট্ৰীট লাইটসমূহো শীঘ্ৰে সক্ৰিয় কৰি পথত দৃশ্যমানতা আৰু সুৰক্ষা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হয়।

জিলাৰ Entry Pointত বেৰিকেড—নাকা চেকিং তীব্ৰতৰ কৰাৰ পোষকতা

জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন দিশৰ পৰা শিৱসাগৰ জিলালৈ যান-বাহন প্ৰৱেশ কৰা গুৰুত্বপূৰ্ণ Entry Pointসমূহত বেৰিকেড স্থাপন কৰি নাকা চেকিং অধিক তীব্ৰতৰ কৰাৰ পোষকতা কৰে।

বিশেষকৈ আৰক্ষী, পৰিবহন, আবকাৰী বিভাগ আৰু দণ্ডাধীশসকলক সমন্বিতভাৱে যৌথ অভিযান অধিক তীব্ৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়া হয়। এনে অভিযান বিশেষকৈ নিশাৰ ভাগতো নিয়মীয়াকৈ অব্যাহত ৰখাৰ ওপৰত জিলা আয়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

সুৰাপান কৰি গাড়ী চলোৱা, তীব্ৰবেগ আৰু হেলমেটবিহীন চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

পথ সুৰক্ষাৰ নিয়ম উলংঘা কৰা চালকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে জিলা আয়ুক্তগৰাকীয়ে। বিশেষকৈ অত্যধিক বোজা বা ওজন কঢ়িওৱা যান-বাহন, তীব্ৰবেগে বাইক বা গাড়ী চলোৱা, সুৰাপান কৰি যান-বাহন চলোৱা, হেলমেট পৰিধান নকৰা আৰু বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ নথকা আদি নিয়ম উলংঘনৰ বিৰুদ্ধে বিশেষ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হয়।

পথ সুৰক্ষা আইন আৰু যান-বাহন চলাচলৰ নিয়মসমূহ কঠোৰভাৱে বলৱৎ কৰি নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত বৈঠকত বিশেষ গুৰুত্ব দিয়া হয়।

যান-বাহন সংস্থাৰ চালক-কৰ্মচাৰীৰ বাবে চকু পৰীক্ষা শিবিৰৰ পৰিকল্পনা

বৈঠকত পথ সুৰক্ষাৰ আন এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিভিন্ন যান-বাহন সংস্থাৰ চালক আৰু কৰ্মচাৰীসকলৰ চকু পৰীক্ষাৰ বাবে বিশেষ শিবিৰ আয়োজনৰ পোষকতা কৰা হয়।

চালকসকলৰ দৃষ্টিশক্তিজনিত সমস্যাই যাতে পথ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি নকৰে, সেই দিশটোৰ প্ৰতিও গুৰুত্ব আৰোপ কৰি সংশ্লিষ্টসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ বিষয়টো আলোচনা কৰা হয়।

পথ দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰ ৰোধত সমন্বিত পদক্ষেপৰ আহ্বান

শিৱসাগৰ জিলাত পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰ ৰোধ কৰাৰ ক্ষেত্ৰত অধিক কাৰ্যক্ষম আৰু ফলপ্ৰসূ প্ৰতিৰোধমূলক ব্যৱস্থা নিশ্চিত কৰিবলৈ সকলো সংশ্লিষ্ট বিভাগক নিয়ম-কানুন কঠোৰভাৱে বলৱৎ কৰাৰ লগতে পাৰস্পৰিক সমন্বয়ৰে কাম কৰিবলৈ বৈঠকত গুৰুত্ব আৰোপ কৰা হয়।

পথৰ আন্তঃগাঁথনি উন্নত কৰাৰ পৰা যান-বাহনৰ ওপৰত নজৰদাৰী, নাকা চেকিং, যৌথ অভিযান আৰু পথ সুৰক্ষা বিধি কঠোৰভাৱে বলৱৎ কৰালৈকে সকলো দিশ সামৰি এক সমন্বিত পদক্ষেপ গ্ৰহণৰ ওপৰত বৈঠকত বিশেষভাৱে আলোচনা কৰা হয়।

বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতি

আজিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম, লোকনিৰ্মাণ (পথ) বিভাগৰ অধীক্ষক অভিযন্তা তথা জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব প্ৰকাশ পেগু আৰু জিলা পৰিবহন বিষয়া হীৰক জ্যোতি ডেকা প্ৰমুখ্যে পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

বৈঠকখনত জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু হ্ৰাস কৰিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থা, কঠোৰ বলৱৎকৰণ আৰু বিভাগীয় সমন্বয় অধিক কাৰ্যকৰী কৰি তোলাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!