“অৰণ্য হৈছে পৃথিৱীৰ হাওঁফাওঁ” — বিশ্ব পৰিৱেশ দিৱসত ‘শিৱসাগৰ প্ৰেছ ক্লাবৰ’ সজাগতা সভা : শতাধিক গছপুলি বিতৰণেৰে পৰিৱেশ সংৰক্ষণৰ আহ্বান : বনাঞ্চল ধ্বংস, জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ ভয়াৱহতা সম্পৰ্কে বিশেষজ্ঞসকলৰ উদ্বেগ প্ৰকাশ

শিৱসাগৰ, ৫ জুন : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰাংগণত এক সজাগতা সভা আৰু গছপুলি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পৰিৱেশ সংৰক্ষণ, বনাঞ্চল ৰক্ষা, জলবায়ু পৰিৱৰ্তন আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুস্থ পৃথিৱী গঢ়ি তোলাৰ আহ্বানেৰে মুখৰিত হৈ উঠে অনুষ্ঠানস্থলী।

শিৱসাগৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগে আঁত ধৰা অনুষ্ঠানত পৰিৱেশৰ ওপৰত বিভিন্ন বক্তাই উদ্বেগ প্ৰকাশ কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত জনসচেতনতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
“উদ্যোগীকৰণৰ নামত বিশ্বজুৰি বনাঞ্চল ধ্বংস” — জেহিৰুদ্দিন খান
অনুষ্ঠানত ভাষণ প্ৰদান কৰি নেচাৰ্ছ বেকনৰ সমন্বয়ক জেহিৰুদ্দিন খানে কয় যে ১৯৭০ৰ দশকৰ পৰা আৰম্ভ হোৱা ব্যাপক উদ্যোগীকৰণ আৰু শিল্পায়নৰ ফলত সমগ্ৰ বিশ্বতে অভূতপূৰ্ব হাৰত বনাঞ্চল ধ্বংস হৈছে।

তেওঁ কয়, “উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা অবিবেচক আঘাতে আজিৰ বিশ্বক জলবায়ু সংকট, খৰাং, বানপানী, উষ্ণতা বৃদ্ধি আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষয়ৰ দৰে ভয়াৱহ সমস্যাৰ সন্মুখীন কৰিছে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বজুৰি চলি থকা এই প্ৰকৃতি ধ্বংসৰ ধাৰাই মানৱ সভ্যতাক এদিন অস্তিত্ব সংকটৰ মুখলৈ ঠেলি দিব।”
“অৰণ্য হৈছে পৃথিৱীৰ হাওঁফাওঁ” — মনিৰুল ইছলাম বড়া
শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক মনিৰুল ইছলাম বড়াই তেওঁৰ বক্তব্যত বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাস আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব ব্যাখ্যা কৰে। তেওঁ কয় যে ১৯৭২ চনৰ ৫ জুনত ছুইডেনৰ ষ্টকহ’মত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ‘মানৱ পৰিৱেশ সন্মিলন’ৰ পাছত ১৯৭৩ চনৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন আৰম্ভ কৰা হয়।
তেওঁ উল্লেখ কৰে যে অৰণ্য হৈছে পৃথিৱীৰ হাওঁফাওঁ। অৰণ্য নাথাকিলে পৃথিৱীত জীৱনো নাথাকিব। গছ থাকিলেহে মানুহ থাকিব। কিন্তু একে সময়তে আমি গছৰ প্ৰয়োজনীয়তাৰ কথা কৈ থকাৰ বিপৰীতে বনাঞ্চল ধ্বংসৰ ধাৰাও অব্যাহত ৰাখিছোঁ।

তেওঁ লগতে কয় যে বিশ্বৰ পৰিৱেশগত ভাৰসাম্য অটুট ৰাখিবলৈ পৰ্যাপ্ত বনাঞ্চল অতি প্ৰয়োজনীয়। গছপুলিয়ে উৎপাদন কৰা অক্সিজেনৰ অৰ্থনৈতিক মূল্য অমূল্য বুলি উল্লেখ কৰি তেওঁ দেশজুৰি ব্যাপক বৃক্ষৰোপণ অভিযানৰ আহ্বান জনায়।
বিদ্যালয় পৰ্যায়ৰ পৰাই পৰিৱেশ শিক্ষা প্ৰয়োজন — শৰৎ হাজৰিকা
অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই কয় যে ভৱিষ্যৎ প্ৰজন্মক প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আৰু অস্বাভাৱিক উষ্ণতাৰ দৰে সমস্যাৰ পৰা সুৰক্ষিত ৰাখিবলৈ বিদ্যালয় পৰ্যায়ৰ পৰাই পৰিৱেশ শিক্ষা বাধ্যতামূলকভাৱে শক্তিশালী কৰিব লাগিব।

তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলক গছপুলি ৰোপণৰ উপকাৰিতা, বনাঞ্চল সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতি ধ্বংসৰ ফলত সৃষ্টি হ’ব পৰা সংকটসমূহৰ বিষয়ে সজাগ কৰিব লাগিব। প্ৰতিজন শিক্ষাৰ্থীয়ে বছৰি কমেও কেইবাজোপা গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব ল’ব লাগে।
শতাধিক গছপুলি বিতৰণ
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত এই কাৰ্যসূচীত স্থানীয় ৰাইজৰ মাজত শতাধিক মূল্যৱান গছপুলি বিতৰণ কৰা হয়। উপস্থিত বক্তাসকলে গছপুলি ৰোপণৰ লগতে ইয়াৰ সঠিক যত্ন আৰু সংৰক্ষণৰ ওপৰতো সমান গুৰুত্ব আৰোপ কৰে।

সমাজ সচেতন ব্যক্তিৰ ব্যাপক অংশগ্ৰহণ
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰাতু কুমাৰ দাস, খাইৰুদ্দিন আহমেদ, মদিদুল ইছলাম, মুস্তাকুৰ ৰহমান, প্ৰাঞ্জল ৰাজগুৰু, উমেশ বালদেৱা, চৰিফুল আহমেদ, অংকুশ দত্ত, সমাজকৰ্মী দেৱৰঞ্জন চুতীয়া, পিন্টু পাঠককে ধৰি বহু সমাজ সচেতন ব্যক্তি উপস্থিত থাকে।

অনুভূতি, অসমীয়া যুৱ মঞ্চ আৰু আক্ৰাছুৰ উদ্যোগতো গছপুলি বিতৰণ
আনহাতে, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিৱসাগৰ চহৰত বিভিন্ন স্বেচ্ছাসেৱী আৰু সামাজিক সংগঠনেও পৃথক পৃথক কাৰ্যসূচী ৰূপায়ণ কৰে।
অনুভূতি, অসমীয়া যুৱ মঞ্চ আৰু আক্ৰাছু উজনি আৰু মধ্য অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগতো ৰাইজৰ মাজত গছপুলি বিতৰণ কৰি পৰিৱেশ সংৰক্ষণৰ আহ্বান জনোৱা হয়।
বক্তাসকলে কয় যে বিশ্ব উষ্ণায়ন, বনাঞ্চল ধ্বংস, প্লাষ্টিক প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিশ্বব্যাপী সমস্যাৰ মোকাবিলা কৰিবলৈ হ’লে প্ৰতিজন নাগৰিকে ব্যক্তিগতভাৱে দায়িত্ব গ্ৰহণ কৰিব লাগিব।
দিনজোৰা এই কাৰ্যসূচীসমূহে শিৱসাগৰত পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰাৰ লগতে এখন সেউজীয়া, সুস্থ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে।




