Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
https://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARक्राइमटॉप न्यूज़राज्यलोकल न्यूज़शिवसागर

উজনি অসমত জাল নোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ ডাঙৰ সাফল্য : কাৰেং তিনিআলিত গোপন অপাৰেচন : জব্দ কাউণ্টাৰফিট কাৰেঞ্চি পেপাৰ, ডেভেলপিং ইংক আৰু বাহন

শিৱসাগৰ জিলাৰ এএছপি মৈদুল ইছলাম আৰু চৰাইদেউ আৰক্ষীৰ ডিএছপিৰ নেতৃত্বত নেতৃত্বত চলিল যৌথ অপাৰেচন : দুজন আটক

শিৱসাগৰ, ২২ মে’ : উজনি অসমত জাল নোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা এক সুসংগঠিত যৌথ অভিযানত বৃহৎ সফলতা লাভ কৰা হৈছে। শিৱসাগৰ সদৰ আৰক্ষী আৰু চৰাইদেউ জিলা আৰক্ষীৰ বিশেষ দলে শিৱসাগৰৰ কাৰেং তিনিআলি অঞ্চলত অভিযান চলাই জাল নোট তৈয়াৰত ব্যৱহৃত গুৰুত্বপূৰ্ণ সামগ্ৰী জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।

বিশ্বস্ত গোপন সূত্ৰৰ ভিত্তিত আৰম্ভ কৰা এই অভিযানৰ নেতৃত্ব দিয়ে শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (এএছপি) মৈদুল ইছলাম আৰু চৰাইদেউ আৰক্ষীৰ ডিএছপি (মুখ্য কাৰ্যালয়)য়ে। আৰক্ষীয়ে পূৰ্ব তথ্য লাভ কৰিছিল যে একাংশ ব্যক্তি জাল নোট প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত বিশেষ কাগজ আৰু ডেভেলপিং ইংক গোপনে পৰিবহণ কৰি আছে।

এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে কাৰেং তিনিআলি অঞ্চলত নাকা তালাচী আৰু বিশেষ অভিযান আৰম্ভ কৰে। অভিযানকালত আৰক্ষীয়ে জাল নোট তৈয়াৰত ব্যৱহৃত কাউণ্টাৰফিট কাৰেঞ্চি পেপাৰ, ডেভেলপিং ইংক আৰু আন আন সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে।

অভিযানত আৰক্ষীয়ে দুজন অভিযুক্তক আটক কৰে। ধৃতসকল হৈছে গোলাঘাট জিলাৰ দেৰগাঁওৰ দিঘলীবাম নিবাসী আৰছাদ আলী (৩৮) আৰু শিৱসাগৰৰ দৰিকাপাৰা অঞ্চলৰ নিবাসী বিতুল বৰা (৩২)।

আৰক্ষীয়ে অভিযানকালত সামগ্ৰী পৰিবহণত ব্যৱহৃত এখন ৪০৭ ট্ৰিপাৰ বাহন আৰু এখন ই-ৰিক্সাও জব্দ কৰে।

সূত্ৰৰ মতে, শিৱসাগৰ আৰক্ষীৰ সহযোগত সম্পন্ন হোৱা এই অভিযানৰ পিছতে ধৃতসকলক অধিক সোধা-পোছাৰ বাবে চৰাইদেউ জিলা আৰক্ষীৰ জিম্মাত দিয়া হৈছে। তদন্তকাৰী সংস্থাই ইতিমধ্যে ধৃতসকলৰ যোগাযোগ, সামগ্ৰীৰ উৎস, সম্ভাব্য গোপন ছাপাখানা আৰু বৃহৎ জাল নোট চক্ৰৰ সৈতে সংযোগৰ দিশত গভীৰ অনুসন্ধান আৰম্ভ কৰিছে।

আৰক্ষীৰ অনুমান, এই চক্ৰটোৰ সৈতে আন্তঃজিলা বা আন্তঃৰাজ্য ভিত্তিক বৃহৎ নেটৱৰ্ক জড়িত থাকিব পাৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহ ফৰেনছিক পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ত উজনি অসমত আৰ্থিক জালিয়াতি আৰু জাল নোট সম্পৰ্কীয় ঘটনাৰ ওপৰত আৰক্ষীয়ে বিশেষ নজৰ ৰাখিছে। সেই পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ আৰক্ষীৰ এই সফল যৌথ অভিযানক আইন-শৃংখলা বজাই ৰখা আৰু অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!