বিশিষ্ট সাহিত্যিক সুৰেশ শইকীয়াৰ ৮৪ সংখ্যক জন্মদিন উদযাপন : শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত গৌৰৱময় অনুষ্ঠান : অনুবাদ সাহিত্য, নাট্যচৰ্চা আৰু সমাজসেৱালৈ আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা

শিৱসাগৰ, ১৪ জুন : শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰকাশন উপ-সমিতিৰ উদ্যোগত আৰু কলঞ্চুপাৰ শাখা সাহিত্য সভাৰ সহযোগত অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট অনুবাদক, নাট্যকাৰ, সমাজ সংগঠক তথা সাহিত্যিক সুৰেশ শইকীয়াৰ ৮৪ সংখ্যক জন্মদিন আজি পুৰণা আমোলাপট্টি গোহাঁইগাঁও নামঘৰৰ নাটঘৰত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদযাপন কৰা হয়।

উদ্বোধনী পৰ্বত গীত-মাতেৰে মুখৰিত অনুষ্ঠানস্থলী
অনুষ্ঠানৰ আৰম্ভণিতে পুৰণা আমোলাপট্টি গোহাঁইগাঁও মহিলা সমিতিৰ সম্পাদিকা দেৱযানী ৰাজখোৱা, দীপা বুঢ়াগোহাঁই, ভায়লিনা গগৈ, কল্পনা কলিতা, ইলা মহন বুঢ়াগোহাঁই, দীপালী দুৱৰা, ইংগুলিমা বৰা বৰদলৈ আৰু অনুৰাধা চেতিয়াই সমবেতভাৱে “চিৰ চেনেহী” গীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
প্ৰকাশন উপ-সমিতিৰ পদক্ষেপৰ শলাগ ল’লে সভাপতি যোগেশ কিশোৰ ফুকনে
শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে সভাপতিত্ব কৰা সভাত প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰি যোগ্য ব্যক্তিৰ সন্মানাৰ্থে এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে প্ৰকাশন উপ-সমিতিক আন্তৰিক ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰে।
অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে। ইয়াৰ পিছতে নাটঘৰৰ সম্পাদক মানৱ ৰাজখোৱাই এটি গীত পৰিৱেশন কৰি উপস্থিত সকলক আপ্লুত কৰে।
অনুবাদ সাহিত্যলৈ সুৰেশ শইকীয়াৰ অৱদানক স্মৰণ
সভাত ভাষণ প্ৰদান কৰি শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈয়ে সুৰেশ শইকীয়াই অসমীয়া অনুবাদ সাহিত্যলৈ আগবঢ়োৱা অনন্য অৱদানৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে।
যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই সাহিত্যিকগৰাকীৰ জীৱন-সংগ্ৰামৰ কথা স্মৰণ কৰি কয় যে, নানা প্ৰতিকূলতা অতিক্ৰম কৰি তেওঁ উচ্চশিক্ষা গ্ৰহণ কৰিছিল। লগতে নামতি-চোমদাৰৰ দৰে ভিতৰুৱা অঞ্চলৰ ৰাইজকো নাট্যচৰ্চাৰ সৈতে পৰিচিত কৰোৱাত তেওঁৰ বিশেষ ভূমিকা আছিল।

“পোহৰৰ যাত্ৰাৰ পথিক” আখ্যা সন্তোষ দত্তৰ
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সদস্য সন্তোষ দত্তই সুৰেশ শইকীয়াৰ বৰ্ণিল সাহিত্যিক আৰু সামাজিক জীৱনযাত্ৰাৰ কথা উল্লেখ কৰি তেওঁক “পোহৰৰ যাত্ৰাৰ পথিক” বুলি অভিহিত কৰে।
আনহাতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ পবিত্ৰ প্ৰাণ ভট্টাচাৰ্যই মন্তব্য কৰে যে, সুৰেশ শইকীয়া শিৱসাগৰৰ বৌদ্ধিক আৰু সাংস্কৃতিক চেতনাক অব্যাহতভাৱে সমৃদ্ধ কৰি অহা অন্যতম ব্যক্তিত্ব।
সাংস্কৃতিক পৰিৱেশনে মুগ্ধ কৰিলে উপস্থিত সকলক
অনুষ্ঠানত জনম খনিকৰে এটি গীত আৰু আচফিক শইকীয়াই আন এটি গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰে।
“এই সন্মানে মোক নতুন শক্তি যোগালে” — সুৰেশ শইকীয়া
নিজৰ অনুভৱ ব্যক্ত কৰি সাহিত্যিক সুৰেশ শইকীয়াই শিৱসাগৰ জিলা সাহিত্য সভাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। ভাষণত তেওঁ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ লগতে মেজাংকৰি সূতা উলিওৱাৰ স্মৃতিচাৰণ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
তেওঁ কয় যে, এই সন্মান আৰু শুভেচ্ছাই তেওঁক আগন্তুক দিনত সমাজ, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত অধিক উৎসাহেৰে কাম কৰি যাবলৈ নতুন শক্তি প্ৰদান কৰিব।

অভিনন্দন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা
অনুষ্ঠানতে সভাপতি যোগেশ কিশোৰ ফুকনে সাহিত্যিক সুৰেশ শইকীয়াৰ জীৱন, সাহিত্যসাধনা আৰু সমাজলৈ আগবঢ়োৱা অৱদানক সন্মান জনাই এখন অভিনন্দন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।
বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতি
মৃণাংক শইকীয়াই আঁত ধৰা অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ড০ জীৱন কলিতা, কেন্দ্ৰীয় সমিতিৰ সদস্য ড০ সীমান্ত বৰুৱা, শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক দিলীপ বৰদলৈ, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষয়িত্ৰী ইন্দিৰা শইকীয়া, কলঞ্চুপাৰ শাখা সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত দাস, অসম উন্নতি সভাৰ সম্পাদক শৰৎ হাজৰিকা, দীপালী ভট্টাচাৰ্য বৰুৱা, শিৱসাগৰ জিলা কবি সন্মিলনৰ সম্পাদক প্ৰাঞ্জল আবিৰ দাস, পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, প্ৰশান্ত শৰ্মা, মোক্তাৱ হুছেইন, প্ৰশান্ত বৰগোহাঁইকে ধৰি সাহিত্য, সংস্কৃতি আৰু সমাজজীৱনৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বিভিন্ন সংগঠন আৰু ব্যক্তিৰ শুভেচ্ছা
এই উপলক্ষে শিৱসাগৰ জিলা সাহিত্য সভা, কলঞ্চুপাৰ শাখা সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সন্থা, চৰকাৰী পেঞ্চনাৰ সন্থা, অসম উন্নতি সভা, ধিতাইপুখুৰী শাখা সাহিত্য সভা, আগন্তুক, নাট্যপীঠ, পিয়লি ফুকন শাখা সাহিত্য সভা, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়, ৰংপুৰ সাহিত্য সভা, অসম জ্যেষ্ঠ নাগৰিক সন্মিলন, শিৱসাগৰ জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদ, লায়ন্স ক্লাব শিৱসাগৰ, ডিমৌ শাখা সাহিত্য সভা, সন্মিলিত গগৈ ঐক্যমঞ্চ, খনামুখ সাহিত্য সভা, হুদুপৰা শাখা সাহিত্য সভা, চিলড্ৰেন হাউছকে ধৰি বহু সংগঠন আৰু ব্যক্তিয়ে সাহিত্যিকগৰাকীক জন্মদিনৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
সাহিত্য, সংস্কৃতি আৰু সমাজসেৱাৰ এক অনন্য সাধক
অনুষ্ঠানটোত বক্তাসকলে একেমুখে মন্তব্য কৰে যে সুৰেশ শইকীয়া কেৱল এজন সাহিত্যিক নহয়, তেওঁ অসমীয়া ভাষা-সাহিত্য, নাট্যচৰ্চা, অনুবাদ সাহিত্য আৰু সমাজসেৱাৰ ক্ষেত্ৰত এক উজ্জ্বল নাম। তেওঁৰ সৃষ্টিশীল যাত্ৰা আৰু সমাজমুখী চিন্তাধাৰাই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি আহিছে।




