সমাগত ঈদ-উজ-জোহা উপলক্ষে শিৱসাগৰত প্ৰশাসনৰ কড়া নিৰ্দেশনা : শান্তিপূৰ্ণ পৰিবেশত ঈদ উদযাপনৰ আহ্বান, পথ অৱৰোধ আৰু পৰিৱেশ দূষণ ৰোধত বিশেষ গুৰুত্ব

শিৱসাগৰ, ২২ মে’ : সমাগত পৱিত্ৰ ঈদ-উল-আধহা তথা ঈদ-উজ-জোহা পৰ্বক কেন্দ্ৰ কৰি শিৱসাগৰ জিলা প্ৰশাসনে শান্তি-শৃংখলা বজাই ৰখা আৰু পৰিবেশ সুৰক্ষাক বিশেষ গুৰুত্ব দি একাধিক গুৰুত্বপূর্ণ নিৰ্দেশনা জাৰি কৰিছে।
এই উপলক্ষে ২০ মে’ ২০২৬ তাৰিখে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে জিলা আয়ুক্ত শ্ৰী মৃদুল য়াদৱে।
সভাত শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম, শিৱসাগৰ জিলা মছজিদ সমন্বয় ৰক্ষী সমিতিৰ বিষয়ববীয়া জুনু খান, আনৱাৰ হুছেইন, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, বিভিন্ন বিভাগৰ বিষয়াবৰ্গ, জিলাৰ ১৫৫ টা মছজিদ কমিটিৰ সভাপতি সম্পাদক, ধৰ্মীয় সংগঠনৰ প্ৰতিনিধি আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
বৈঠকৰ মূল উদ্দেশ্য আছিল জিলাখনত ঈদ-উজ-জোহা পৰ্ব শান্তিপূৰ্ণ, সুকলমে আৰু সম্প্ৰীতিৰ পৰিবেশত উদযাপন নিশ্চিত কৰা।

শান্তি-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ সতর্কতা
বৈঠকত জিলা আয়ুক্তই স্পষ্টভাৱে কয় যে ঈদ উপলক্ষে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা ৰাজহুৱা শান্তি-শৃংখলা বিঘ্নিত কৰিব পৰা ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষই সজাগ আৰু দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব।
তেওঁ সামাজিক সম্প্ৰীতি অটুট ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলো ধৰ্মীয় আৰু সামাজিক সংগঠনক প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়।
বিশেষকৈ সামাজিক মাধ্যমত কোনো ধৰণৰ উত্তেজনাপূর্ণ, বিভ্ৰান্তিকৰ বা সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা বাৰ্তা প্ৰচাৰ নকৰিবলৈও সকলোকে সতৰ্ক কৰা হয়।
পথ অৱৰোধ নকৰাকৈ নামাজ আদায়ৰ আহ্বান
ঈদৰ দিনা পুৱাৰ ভাগত বিভিন্ন ঈদগাহ আৰু মছজিদত বৃহৎ সংখ্যক লোক সমবেত হয়। এই ক্ষেত্ৰত বৈঠকত বিশেষভাৱে আলোচনা কৰা হয় যে ৰাজপথ বা ব্যস্ত পথ অৱৰোধ কৰি নামাজ আদায় কৰিলে সাধাৰণ যাতায়ত আৰু জৰুৰীকালীন সেৱা বিঘ্নিত হ’ব পাৰে।
সেয়ে মছজিদ পৰিচালনা সমিতি আৰু স্থানীয় সংগঠনসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি নামাজৰ সময়ত যাতে নিয়মীয়া যানবাহন চলাচল, এম্বুলেন্স বা জৰুৰীকালীন সেৱা বাধাগ্ৰস্ত নহয়, সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হয়।
প্ৰশাসনে যান-জঁট আৰু জনসমাগম নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন আৰু বিশেষ ট্ৰেফিক ব্যৱস্থাও গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

কোৰবানিৰ জাবৰ ব্যৱস্থাপনাত কঠোৰ নিৰ্দেশ
বৈঠকৰ অন্যতম গুৰুত্বপূর্ণ বিষয় আছিল কোৰবানি সম্পন্ন হোৱাৰ পিছত সৃষ্টি হোৱা জাবৰ আৰু অৱশিষ্টৰ বৈজ্ঞানিক নিষ্পত্তি।
জিলা প্ৰশাসনে স্পষ্ট নিৰ্দেশ দিয়ে যে কোৰবানিৰ পিছত ৰৈ যোৱা জাবৰ-জোথৰ খোলা স্থানত পেলোৱা বা জলাশয়ত নিক্ষেপ কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ।
পৰিৱেশ দূষণ, দুৰ্গন্ধ আৰু জনস্বাস্থ্যজনিত সমস্যাৰ কথা বিবেচনা কৰি এই জাবৰ বাস্তৱসন্মত আৰু পৰিৱেশ-বান্ধৱ পদ্ধতিৰে পুতি থ’বলৈ বা নিষ্পত্তি কৰিবলৈ আহ্বান জনোৱা হয়।
পৰিৱেশবিদসকলৰ মতে, ঈদ-উজ-জোহাৰ সময়ত সঠিক জাবৰ ব্যৱস্থাপনা নাথাকিলে নগৰ আৰু চহৰাঞ্চলত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। সেইবাবে বহু জিলা প্ৰশাসনে এতিয়া পৰিৱেশ সুৰক্ষাক বিশেষ গুৰুত্ব দিছে।
পশুধন সুৰক্ষা আইনৰ বিধি মানি চলাৰ আহ্বান
বৈঠকত পশুধন সুৰক্ষা আইন আৰু চৰকাৰে নিৰ্ধাৰণ কৰা সকলো বিধি-নিয়ম মানি চলিবলৈও স্পষ্টভাৱে আহ্বান জনোৱা হয়।
জিলা প্ৰশাসনে জানিবলৈ দিয়ে যে কোৰবানিৰ ক্ষেত্ৰত আইনী নীতি, অনুমোদিত স্থান আৰু চৰকাৰী নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক।
ইয়াৰ লগতে পশু পৰিবহণ, বিক্ৰী আৰু কোৰবানি সম্পন্ন কৰাৰ ক্ষেত্ৰতো আইন অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক সজাগ থাকিবলৈ নিৰ্দেশ দিয়া হয়।

সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ বাৰ্তা
বৈঠকত উপস্থিত শিৱসাগৰ জিলা মছজিদ সমন্বয় ৰক্ষী সমিতিৰ বিষয়ববীয়া জুনু খান আৰু আনৱাৰ হুছেইন সহ সমাজৰ বিভিন্ন স্তৰৰ প্রতিনিধিসকলে ঈদ-উজ-জোহা শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনায় প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।
বক্তাসকলে উল্লেখ কৰে যে ঈদ-উজ-জোহা কেৱল ধৰ্মীয় উৎসৱ নহয়, ই ত্যাগ, সহমৰ্মিতা আৰু ভ্ৰাতৃত্ববোধৰ প্ৰতীক। সেয়ে এই উৎসৱৰ মূল চেতনাক অটুট ৰাখি সমাজত সম্প্ৰীতিৰ বাৰ্তা প্ৰসাৰিত কৰাটো সকলোৰে দায়িত্ব।

জিলাবাসীক প্ৰশাসনৰ আহ্বান
জিলা প্ৰশাসনে সকলো নাগৰিকক শান্তি, সম্প্ৰীতি আৰু পৰিবেশ সুৰক্ষাৰ কথা মনত ৰাখি ঈদ-উজ-জোহা উদযাপন কৰিবলৈ আহ্বান জনাইছে।
প্ৰশাসনৰ মতে, সকলো পক্ষৰ সহযোগিতা থাকিলেহে জিলাখনত উৎসৱমুখৰ আৰু সুস্থ পৰিবেশ বজাই ৰখা সম্ভৱ হ’ব।




